
তাৰিখ:১৩/০৩/২০২৬
ঠিকনা:বালাগাঁৱ(অসম)
ৰঙিয়াৰ বালাগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ইমৰাণ হুছেইন নামৰ এজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এই দুৰ্ঘটনাক এতিয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। তথ্য অনুসৰি, এয়া কোনো সাধাৰণ দুৰ্ঘটনা নহয়, বৰঞ্চ ইমৰাণ হুছেইনক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল।এই সন্দৰ্ভত জছপুৰ আৰক্ষীয়ে প্ৰকাণ্ড ৰাৱাড আৰু অভিমন্যু পাত্ৰ নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে ইমৰাণ হুছেইনক হত্যা কৰি ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ গৈছিল। বৰ্তমান আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ ক্ষিপ্ৰ তদন্ত অব্যাহত ৰাখিছে।
