
তাৰিখঃ২৮/০২/২০২৬
ঠিকনা: ৰূপহীহাট (অসম)
ৰূপহীহাটত সংঘটিত এক ভয়ানক দুৰ্ঘটনা। ৰূপহীহাটৰ গৰাজানৰ হুৱেজ আলী আৰু নুৰুল ইছলামৰ পৰিয়ালৰ মাজত ছয় মাহৰ আগতে মাটিৰ বাবে এক বিবাদ হৈছিল। পুৱাৰ ভাগত হুৱেজ আলী নিজৰ দোকানৰ অভিমুখে ৰাওনা হৈছিল। দোকানৰ পৰা উভতি অহাৰ সময়তে নুৰুল ইছলামে হুৱেজ আলীক পিছফালৰ পৰা আক্ৰমণ কৰে। সেই সময়তে আৰক্ষী উপস্থিত হয় আৰু ৰাইজ তথা আৰক্ষীয়ে মিলি হুৱেজ আলীক নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে। তাৰ পাছত হুৱেজ আলীক ICU-ত ভৰ্তি কৰা হয় আৰু তেওঁ বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে।হুৱেজ আলীৰ ন্যায়ৰ বাবে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণে মাত মাতিছে। ৰাজ্যৰ ৰাইজে “হুৱেজ আলীক আক্ৰমণ কৰা নুৰুল ইছলামৰ ফাঁচী হ’ব লাগে” আদি ধ্বনি দিছে। তেওঁলোকৰ পৰিয়ালে গৰাজান আৰক্ষী চকীত এজাহাৰ (FIR) দাখিল কৰিছে। ঘটনাৰ সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
