Sunday, March 1, 2026

ৰূপহীহাটৰ লৰিমুখ বজাৰত এক চাঞ্চল্যকৰ লুটপাতৰ ঘটনা সংঘটিত হৈছে;১৫-২০ জনীয়া ডকাইতৰ এটা দলে ‘অসম গ্লাছ এণ্টাৰপ্ৰাইজ’ নামৰ এজন ব্যৱসায়ীৰ প্ৰতিষ্ঠানত লুটপাত চলায়।

Published:

তাৰিখ: ২৭/০২/২০২৬
ঠিকনা: ৰূপহীহাট (অসম)
ৰূপহীহাটৰ লৰিমুখ বজাৰত এক চাঞ্চল্যকৰ লুটপাতৰ ঘটনা সংঘটিত হৈছে। ১৫-২০ জনীয়া ডকাইতৰ এটা দলে ‘অসম গ্লাছ এণ্টাৰপ্ৰাইজ’ নামৰ এজন ব্যৱসায়ীৰ প্ৰতিষ্ঠানত লুটপাত চলায়। ডকাইতৰ দলটোৱে নগদ ধনসহ প্ৰায় কোটি টকাৰ সামগ্ৰী লুটি লৈ যায়। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।দোকানৰ স্বত্বাধিকাৰীৰ মতে, নিশাৰ ভাগত ডকাইতি কাণ্ড চলি থকাৰ কথাটো স্থানীয় ৰাইজে গম পাই তেওঁলোকক ততাতৈয়াকৈ খবৰ দিয়ে আৰু তেওঁলোক লগে লগে উপস্থিত হয়। লগতে আমবাগানৰ আই চি (IC)-কো খবৰ দিয়া হয়। হাৰ্ডৱেৰৰ দোকানখনৰ পৰা প্ৰায় ৩ কোটি টকাৰ সম্পত্তি চুৰি হোৱা বুলি জানিব পৰা গৈছে। ডকাইতৰ হাতত পিষ্টল আদি মাৰণাস্ত্ৰ আছিল। ডকাইতিৰ প্ৰায় আধা ঘণ্টাৰ পাছত আৰক্ষী উপস্থিত হয়, যদিও দোকানখনৰ পৰা মাত্ৰ ২ কিলোমিটাৰ দূৰত্বতে থানা আছিল। জানিব পৰা মতে, দোকানখন মোবাৰক হুছেইন নামৰ এজন ব্যক্তিৰ আছিল।

Related articles