Saturday, February 21, 2026

ৰূপহীহাটৰ ৫ নম্বৰ কঁঠালপাৰাত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Published:

তাৰিখ: ২৫/০১/২০২৬
ঠিকনা: কঁঠালপাৰা (অসম)
ৰূপহীহাটৰ ৫ নম্বৰ কঁঠালপাৰাত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নিশা শুই থকা অৱস্থাতে জহানাৰা বেগম (জাহানাৰা বেগম) নামৰ মহিলাগৰাকীৰ মৃত্যু হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মৃত মহিলাগৰাকীৰ ডিঙিত থকা আঘাতৰ চিন আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে। পৰিয়ালৰ লোকে এই ঘটনাত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।এই সন্দৰ্ভত আৰক্ষীয়ে আবু চুঁকীয়া নামৰ এজন যুৱকক আটক কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে ৰূপহীহাট আৰু আমবাগান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। পৰিয়ালৰ লোকে জনোৱা মতে, মহিলাগৰাকী নিশা স্বাভাৱিকভাৱে শুবলৈ গৈছিল, কিন্তু নিশা প্ৰায় ১ বজাত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পাৰে।প্ৰথমাৱস্থাত এয়া কোনো বেমাৰ বা হৃদক্ৰিয়া বন্ধ হৈ হোৱা মৃত্যু বুলি ভাবিছিল যদিও পিছত ডিঙিত আঘাতৰ চিন প্ৰত্যক্ষ কৰি এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰে।জানিব পৰা মতে, জহানাৰা বেগমৰ স্বামী কেৰেলাত কৰ্মৰত আৰু তেওঁক ইতিমধ্যে খবৰ দিয়া হৈছে। প্ৰায় ২৪-২৫ বছৰীয়া মহিলাগৰাকী যোৱা ৩-৪ মাহ ধৰি পিতৃগৃহত (বালিকাটা) আছিল। তেওঁৰ প্ৰয়াত পিতৃৰ নাম ৰমজান আলী আৰু স্বামীৰ নাম আভাষ চুঁকীয়া (ঘৰ কানপাৰা)। ভুক্তভোগী পৰিয়ালে আৰক্ষীক অনুৰোধ জনাইছে যাতে দোষীক কৰায়ত্ত কৰি ফাঁচীৰ দৰে কঠোৰ শাস্তি দিয়া হয়।

Related articles