Wednesday, December 24, 2025

নগাঁওত ড্ৰাগছ যোগান ধৰাৰ নতুন পদ্ধতি গ্ৰহণ কৰা হৈছে। ড্ৰাগছ যোগান ধৰা যুৱকজনে নিজৰ চোলাৰ ক’লাৰত লুকুৱাই ড্ৰাগছ যোগান ধৰিছিল|

Published:

তাৰিখ:-০৬/১২/২০২৫
ঠিকনা:- নগাওঁ
নগাঁওত ড্ৰাগছ যোগান ধৰাৰ নতুন পদ্ধতি গ্ৰহণ কৰা হৈছে। ড্ৰাগছ যোগান ধৰা যুৱকজনে নিজৰ চোলাৰ ক’লাৰত লুকুৱাই ড্ৰাগছ যোগান ধৰিছিল। ড্ৰাগছ যোগান ধৰা যুৱক জনৰ নাম বাবু আলি। জুৰ কৰাত যুৱক জনে ক’লে যে তেওঁ ই- ৰিক্সাৰে আহিছিল। আৰু এইটো কথাও খুব কঠোৰতা ৰে কলে যে তেওঁ চোলাৰ কলাৰত হেৰোইন লুকুৱাই থৈছিল। নাগৰিকৰ মতে, সেই ল’ৰাজনে নিজৰ ভায়েকৰ সৈতে মিলি এই ঠাইখন ধ্বংস কৰি পেলাইছে। সেই নাগৰিকৰ এইটোও ক’বলগীয়া যে তেওঁলোকে তাক এক বছৰ ধৰি দেখি আছে। সকলো নাগৰিক চিন্তিত আৰু আইনক তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতাম ব্যৱস্থা লবলৈ আহ্বান জনাইছে। নাগৰিক সকলে এটা কমেটি সৃষ্টি কৰি সেই ড্ৰাগছ যোগান কাৰি সকলক বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে কমেটিৰ কথা নামানিলে। তেওঁলোকে এই সকলো বোৰ কৰি নতুন প্ৰজন্মৰ ভৱিষ্যত নষ্ট কৰিছে। আৰক্ষীক অনুৰোধ জনাই স্থানীয় নাগৰিকে ক’লে যে এই ড্ৰাগছ সৰবৰাহকাৰী জনক সোনকালে আটক কৰা হওক।

Related articles