Wednesday, December 24, 2025

স্বাধীনতা সেনা পতাকা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Published:

তাৰিখ:-০৬/১২/২০২৫
ঠিকনা:- পাটনা (বিহাৰ)
স্বাধীনতা সেনা পতাকা দিৱস উপলক্ষে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাটনাত নীতিশ কুমাৰৰ উপস্থিতিত পতাকা উত্তোলন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয় যে সৈনিক পৰিয়ালক সহায় কৰাটো আমাৰ দায়িত্ব।
স্বাধীনতা সেনা পতাকা দিৱস উপলক্ষে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি পাটনাৰ নিজা বাসভৱনত স্বাধীনতা সেনা পতাকা দিৱস পালন কৰে। কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক বিগেডিয়াৰ মুনিশ কুমাৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ জনাই‌‌ যে বিহাৰৰ বেছি‌ভাগ লোকে ষ্টেট এক্স- চাৰ্ভিচমেন বেনিভলেনট ‌ফাণ্ডত বৰঙণি ‌আগবঢ়াওক। যাতে বীৰ সৈনিক, ‌‌শ্বাহিদ পৰিয়াল আৰু প্ৰাক্তন সৈনিকৰ‌‌ পুনৰ সংস্থাপনৰ সৈতে জড়িত আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে। মুখ্যমন্ত্ৰী‌‌ নীতিশ কুমাৰে কয় যে প্ৰাক্তন সৈনিকৰ‌‌ কল্যাণ কৰা মানে ” ৰাষ্ট্ৰ সেৱা”কৰা। এই পুঁজি ৰাজ্যৰ সেই সৈনিক আৰু প্ৰাক্তন সৈনিকসকলৰ বাবে, যিসকলে সমগ্ৰ জীৱন আৰু গুৰুত্বপূৰ্ণ সময় দেশৰক্ষাৰ বাবে উচৰ্গা কৰিছে। মুখ্যমন্ত্ৰীয়ে‌ কয়, এই পুঁজিৰ পৰা স্বাস্থ্য, শিক্ষা ‌সংস্থাপন জীৱিকা আৰু আন পৰিয়াল‌সমূহে‌‌ যথেষ্ট সহায় পাব।

Related articles