
তাৰিখ:২০/১২/২০২৫
ঠিকনা: ফৰিদাবাদ
ফৰিদাবাদ আৰক্ষীৰ দিল্লীত অভিযান: ভুৱা কল চেণ্টাৰৰ ৰাজ ফাদিল।৬ মহিলাসহ ৭ গ্ৰেপ্তাৰ। ক্ৰেডিট কাৰ্ডৰ নামত চলিছিল ঠগ। ফৰিদাবাদ আৰক্ষীৰ চাইবাৰ ইউনিটে এক বৃহৎ চাইবাৰ ফ্ৰড নেটৱৰ্কৰ সন্ধান উলিয়াই দিল্লীৰ মতি নগৰ অঞ্চলত চলি থকা এক কল চেণ্টাৰত অভিযান চলায়। এই অভিযানত কল চেণ্টাৰৰ পৰিচালনাসহক মুঠ গৰাকী মহিলা আছে। অভিযুক্ত সকলে নিজকে বেংকৰ ক্ৰেডিট কাৰ্ড বিভাগৰ বিষয়া হিচাপে পৰিচয় দি লোকসকলক ফোন কৰিছিল। আৰু কথিত বাধ্যতামূলক সেৱাৰ ভয় দেখুৱাই তেওঁলোকৰ পৰা বৃহৎ পৰিমানৰ ধন সংগ্ৰহ কৰিছিল। আৰক্ষীয়ে ঘটনাস্থলীত পৰা কেইবাটাও ছিম কাৰ্ড আৰু মোবাইল ফোন জব্দ কৰে, যিবোৰ এই ঠগৰ বাবে ব্যবহাৰ কৰা হৈছিল। আৰক্ষীৰ মুখপাত্ৰ যশপালে জনাইছিল যে চাইবাৰ থানা বল্লভ গড়ৰ দাখিল কৰা এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এই অপৰাধী সকলৰ ওপৰলৈ যাবলৈ সক্ষম হৈছিল।অভিযোগ গৰাকীয়ে জনাইছিল যে তেওঁলৈ অহা এটা ফোন কলত কলৰজনে নিজকে SBI ক্ৰেডিট কাৰ্ড বিভাগৰ বুলি পৰিচয় দিছিল। কোৱা হৈছে যে যদিহে নতুন চৰকাৰী সেৱা সক্ৰিয় কৰা নহয়, তেন্তে ক্ৰেডিট কাৰ্ডৰ পৰা টকা কাটি থাকিব। এই সময়ছোৱাতে, কলৰজনে এটা লিংক পঠিয়াইছিল, য’ত ক্লিক কৰি ভুক্তভোগীয়ে ২০,০০০টকা ট্ৰংস্ফাছ কৰি দিছিল।

অভিযোগৰ ভিত্তিত চাইবাৰ থানা বল্লভ গড়ৰ গোচৰ ৰুজু কৰা হৈছিল। এই সময়ছোৱাত, দিল্লীৰ আৰক্ষীয়ে মোতি নগৰত অভিযান চলাই ফৌজি কল চেণ্টাৰৰ স্বত্বাধিকাৰী অনুপ ডডৱালকে ধৰি ৭ জন অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অপৰাধী কেইজন ৰ পৰা ১২টা ছিম কাৰ্ড আৰু তিনিটা মোবাইল ফোন জব্দ কৰে। তদন্তত পোহৰলৈ আহে যে অনুপ ডডৱাল হৈছে মূল মাষ্টাৰমাইণ্ড, যিয়ে এই কামবোৰ কৰোৱাইছিল। তেওঁ মীৰাটৰ বাসিন্দা আৰু ২০২১ চনৰ পৰা দিল্লীৰ মোতি নগৰৰ এখন ভাড়াঘৰত এই ভুৱা কল চেণ্টাৰ চলাই আছিল। তেওঁ সপ্তাহত কেইদিনমানৰ বাবেহে দিল্লীলৈ আহিছিল। আৰু বাকী কামবোৰ মহিলাৰ হতুৱাই কৰাইছিল। ভুৱা কল চেণ্টাৰত কাম কৰা মহিলাসকলক বিভিন্ন দায়িত্ব দিয়া হৈছিল। যোগেশ্বৰী আছিল টিম লিডাৰ, বিজয়ী আছিল এইচ আৰ , চোৱা চিতা কৰা আৰু নতুন মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ দায়িত্বত , আনহাতে শ্বাহীন , শশী,আশা, আৰু মীনাক্ষীয়ে কল কৰোঁতে হিচাপে মানুহক প্ৰৱঞ্চনা কৰিছিল।
