
তাৰিখ:২১/১২/২০২৫
ঠিকনা: নতুন দিল্লী
ট্ৰেইনত জেনেৰেল টিকেতৰ প্ৰিণ্ট ৰখাটো বাধ্যতামূলক নহয়। বৰঞ্চ ৰেলৱে বিভাগে কৈছে যে মোবাইলত টিকট দেখুৱালেও যথেষ্ট।ট্ৰেইনত যাত্ৰা কৰিবলৈ জেনেৰেল টিকটৰ প্ৰিণ্ট ৰখাটো জৰুৰী নহয়। ভাৰতীয় ৰে’লৱে এই জেনেৰেল অৰ্থাৎ আনৰিজাভড টিকটৰ সন্দৰ্ভত বিয়পি পৰা এক বিভ্ৰান্তি দূৰ কৰিছে। ৰেলৱে বিভাগে কৈছে যে UTS (আনৰিজাভড টিকটং চিষ্টেম) মোবাইল এপৰ পৰা বুক কৰা টিকটৰ প্ৰিণ্ট আউট লোৱাৰ প্ৰয়োজন নাই। যাত্ৰীসকলে সময়ত নিজৰ মোবাইলত এপৰ “show ticket” বিকল্পটো ব্যৱহাৰ কৰি টিকট পৰীক্ষা কৰা কৰ্মচাৰীক (TTE) দেখুৱাব পাৰে আৰু এয়া সম্পূৰ্ণৰূপে বৈধ। এই স্পষ্টীকৰণটো এটা ভাইৰেল ভিডিঅৰ পিছত আহিছে।যাৰ বাবে বহু যাত্ৰীৰ মাজত এই ভ্ৰম সৃষ্টি হৈছিল, যে এতিয়া তেওঁলোকে মোবাইল টিকটৰো প্ৰিণ্ট আউট লৈ ফুৰিব লাগিব নেকি। ৰেল মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে জনাই যে UTS এপৰ শো টিকট অংশত দেখুওৱা আনৰিজাভড টিকট যাত্ৰাৰ বাবে বৈধ প্ৰমাণ। যাত্ৰীসকলে যি ডিভাইচ ৰ পৰা টিকট বুক কৰিছিল, সেই ডিভাইচতে ডিজিটেল কপিটো দেখুৱাব পাৰে। অৱশ্যে, যদি কোনো যাত্ৰীয়ে অনলাইন বুকিং কৰাৰ পিছত তাৰ প্ৰিণ্ট উলিয়াইছে, তেন্তে যাত্ৰাৰ সময়ত তেওঁ সেই ডিজিটেল
টিকটখন লগতে ৰাখিব লাগিব। আৰু ইয়াৰ লগতে ৰেলৱে বিভাগে এয়াও কৈছে যে TTE ৰ দ্বাৰা প্ৰিণ্ট কপি দাবী কৰাটো ভুল।
