Thursday, January 15, 2026

বিশ্বনাথৰ মুখৰগড়ত কালি ৰাতি এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ৰঙিয়াৰ পৰা বণ্ডৰ দুৱাৰৰ ফালে আহি থকা এখন ট্ৰাক ৰাস্তাত বাগৰি পৰে।

Published:

তাৰিখ: 31/12/2025
ঠিকনা: মুখৰগড় (অসম)
বিশ্বনাথৰ মুখৰগড়ত কালি ৰাতি এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। ৰঙিয়াৰ পৰা বণ্ডৰ দুৱাৰৰ ফালে আহি থকা এখন ট্ৰাক ৰাস্তাত বাগৰি পৰে। দুৰ্ঘটনাত পতিত হোৱা গাড়ীখনৰ নম্বৰ হ’ল AS01TC 6486। সূত্ৰ অনুসৰি, সেই ঠাইত ট্ৰাকখনৰ গতিবেগ সঠিক আছিল, কিন্তু ডাঠ কুঁৱলীৰ বাবে ট্ৰাকখনে বাগৰ মাৰে। এই ট্ৰাক দুৰ্ঘটনাৰ সময়ত ট্ৰাক চালকজন অতি গুৰুতৰভাৱে আহত হয়। এই ঘটনাৰ সময়ত সোধা-পোছা কৰাত এই কথা পোহৰলৈ আহিছে যে এই ট্ৰাক চালকজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁক এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ ৰেফাৰ কৰা হৈছে। আৰু সেই ট্ৰাকখনৰ মালিকৰ এজন আত্মীয়ই জনোৱা মতে, এই ট্ৰাকখনত ৪০০০ ৰ সমান মাল লোড কৰা আছিল আৰু এই ঘটনা কুঁৱলীৰ বাবেই হৈছে।

Related articles