Saturday, February 21, 2026

মাৰাপানীত এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত চাৰিজন শিক্ষার্থী আহত হৈছে।

Published:

তাৰিখ:০৮/০১/২০২৬
ঠিকনা:মেৰাপানি ( অসম)

মাৰাপানীত এক ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত চাৰিজন শিক্ষার্থী আহত হৈছে। দুৰ্ঘটনাটোৰ সময়ত দুজন লোকৰ অৱস্থা অতি সংকটজনক। চেনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ৰ তিনিজন শিক্ষার্থী একেখন বাইকতে উঠি গৈ থাকোঁতে সন্মুখৰ পৰা চাইকেলেৰে অহা প্ৰবীণ বৰা নামৰ এজন যুৱকক খুন্দা মাৰে। সেই সময়তে ডিব্ৰুজ্যোতি নামৰ শিক্ষার্থীজন আৰু প্ৰবীণ বৰা নামৰ যুৱকজনৰ অৱস্থা অতি গুৰুতৰ। তেওঁলোকক মাৰাপানী হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত শিক্ষার্থী জ্যোতি কাণ্ডিবনৰ মতে তেওঁলোক তেতেলীগূড়ি তিনালিৰে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো হৈছিল। তেওঁৰ কথা মতে তেওঁলোকৰ গাড়ীৰ গতিবেগ আছিল প্ৰায় ৩০ স্পীডত।

Related articles