
তাৰিখ: ১০/০১/২০২৬
ঠিকনাঃ শিৱসাগৰ
শিৱসাগৰৰ বগীডালত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। পুৱা প্ৰায় ৭ বজাত জমিৰুদ্দিন আলী নামৰ ৬৮ বছৰীয়া এজন ব্যক্তিৰ মৃত্যু হয়। মিছাগাধ নদীৰ পাৰৰ বাসিন্দা তেওঁ তামোল বিক্ৰী কৰিবলৈ চাইকেলেৰে বগীডালৰ সাপ্তাহিক বজাৰলৈ গৈ আছিল। ৰাস্তা পাৰ হৈ যাওঁতে ডাম্পাৰত খুন্দা মাৰে। ডাম্পাৰটোৰ নম্বৰ আছিল AS 06 BC 1226।ততাতৈয়াকৈ আৰক্ষীয়ে ডাম্পাৰটো জিম্মাত লয়। এই পথ দুৰ্ঘটনা সংঘটিত হৈছে বগীডালত পাঞ্চালীত। স্থানীয় লোকে জনোৱা মতে, ডাম্পাৰত খুন্দা মৰাৰ লগে লগে লোকজনৰ মৃত্যু হয়। লগতে পথটোত স্পীড ব্ৰেকাৰ স্থাপন কৰিবলৈ চৰকাৰক আহ্বান জনাই।
