Saturday, February 21, 2026

বিশ্বনাথ চাৰিআলিৰ বুঢ়া বাবা থানৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ১৩/০১/২০২৬
ঠিকনা: বুঢ়া বাবা থান (বিশ্বনাথ চাৰিআলি, অসম)
বিশ্বনাথ চাৰিআলিৰ বুঢ়া বাবা থানৰ সমীপত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোৰ কাৰণ অত্যাধিক মদ্যপান বুলি ধাৰণা কৰা হৈছে। বাহনখন চলাই থকা মহিলাগৰাকী শিশুকেইটাৰ মাতৃ আছিল। সুৰাপান কৰি বাহন চলোৱাৰ ফলতেই তেওঁ এই দুৰ্ঘটনাটো সংঘটিত কৰে। উৰুকাৰ ঠিক এদিন পূৰ্বে নিশাৰ ভাগত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।প্ৰাপ্ত তথ্য অনুসৰি, নিশা প্ৰায় ১২ বজাত নিজৰ সন্তানসহ প্ৰায় ৭ জনীয়া এটা দল ফুৰিবলৈ ওলাই গৈছিল। বাহন চলাই থকা মহিলাগৰাকীৰ নাম মামন চৌধুৰী বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ ভাষ্য অনুসৰি, তেওঁলোক প্রতাপগড়লৈ ফুৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ সময়ত প্ৰবল কুঁৱলীৰ বাবে একো নেদেখা হৈ তেওঁলোকৰ বাহনখন চাহ বাগানত সোমাই পৰে। তেওঁ লগতে উল্লেখ কৰে যে তেওঁ সদায় সেই পথেৰেই আহ-যাহ কৰে।এই দুৰ্ঘটনাত মহিলাগৰাকীৰ কন্যাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। আহতসকলৰ অৱস্থা সংকটজনক হোৱাৰ বাবে তেওঁলোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ (TMCH) প্ৰেৰণ কৰা হৈছে। আহত ব্যক্তিকেইজনৰ নাম হৈছে— অৰ্ণৱ দত্ত, মৃদুত হাজৰিকা, বিদ্যার্থ হাজৰিকা, দৰ্পজ্যোতি চৌধুৰী, কৰিষ্মা চৌধুৰী আৰু গোপী নায়ক। ঘটনাৰ খবৰ পোৱা মাত্ৰকেই বিশ্বনাথৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

Related articles