
তাৰিখ: ১৪/০১/২০২৬
ঠিকনা: বিশ্বনাথ চাৰিআলি (অসম)
বিশ্বনাথ চাৰিআলিত কাঠ আলু খাই এটা পৰিয়ালৰ লোক খাদ্য বিষক্ৰিয়াৰ (Food Poisoning) চিকাৰ হৈছে। এই ঘটনাটো উৰুকাৰ এদিন আগত সংঘটিত হয়। পৰিয়ালটোৰ এজন সদস্যই জনোৱা মতে, কালি তেওঁলোকে বজাৰৰ পৰা কাঠ আলু আনিছিল আৰু নিশা সেইয়া ৰান্ধি খোৱাৰ পাছতেই পৰিয়ালৰ সদস্যসকলৰ বমি হ’বলৈ ধৰে। তেওঁ লগতে উল্লেখ কৰে যে শিশুজনক এৰি ঘৰৰ সকলো সদস্যই সেই আলু খাইছিল আৰু তেওঁলোক সকলোৱে বিষক্ৰিয়াৰ চিকাৰ হয়। এই আলু খোৱাৰ পাছত বমি আৰু মূৰ ঘূৰোৱাৰ দৰে লক্ষণে দেখা দিয়ে। তেওঁলোকে সকলোকে সজাগ কৰি এই খবৰটো প্ৰদান কৰিছে।
