Saturday, February 21, 2026

ভোগালীৰ আগদিনাই দেৰগাঁৱত ভয়ংকৰ চুৰিকাণ্ড।

Published:

তাৰিখ- ১৬/০১/২০২৬
ঠিকনা – দেৰগাঁও ( অসম)
ভোগালীৰ আগদিনাই দেৰগাঁৱত ভয়ংকৰ চুৰিকাণ্ড । দেৰগাঁও ৰাজাবাহাৰ গাৱঁত সংঘটিত হৈছে ভয়ংকৰ চুৰিকাণ্ড । ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটিলে ১০ লক্ষাধিকৰো অধিক সম্পত্তি । উল্লেখ্য যে অঞ্চলটোৰ দয়ানন্দ বৰা আৰু দীপালি শইকীয়া বৰা নামৰ ব্যক্তি দুজনৰ পৰিয়ালৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ডটো । সোণৰ গহনা , পাটৰ কাপোৰ, কাঁহৰ বাচন বৰ্তনৰ পৰা আদি কৰি বাথৰুমৰ অত্যাধুনিক সামগ্ৰী লৈকে লুটিলে চোৰে । বুধ বাৰে পোৱা গুৱাহাটীলৈ যোৱা গৃহস্থক ঘৰলৈ ঘূৰি আহি থকা অৱস্থাতে ঘৰৰ ওপৰ মহলাত থকা ভাৰাটিয়াই খবৰ দিলে চুৰি কাণ্ডৰ । নিশাই দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। জানিব পৰা মতে বুধবাৰে দিনৰ ভাগতে ঘটিল এই চুৰিকাণ্ড কিন্তু নিশাহে পোহৰলৈ আহিছে । দেৰগাঁৱত এতিয়া সাধাৰণলোকৰ সা-সম্পত্তিৰ নাই কোনো নিৰাপত্তা । এই ঘটনাক কেন্দ্ৰ কৰি দেৰগাঁৱত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Related articles