Sunday, February 22, 2026

দীৰ্ঘাঁও ৰাজবাহৰত সংঘটিত হোৱা এক দুঃসাহসিক চুৰি কাণ্ডৰ চৰ্চা আৰম্ভ হৈছে।

Published:

দিনাংক: ১৭/০১/২০২৬
ঠিকনা: দীৰ্ঘাঁও (অসম)

দীৰ্ঘাঁও ৰাজবাহৰত সংঘটিত হোৱা এক দুঃসাহসিক চুৰি কাণ্ডৰ চৰ্চা আৰম্ভ হৈছে। এই সন্দৰ্ভত পহৰী কুকুৰ আৰু গোলাঘাট আৰক্ষীৰ এটা দলে অভিযান চলাই আছে। গোলাঘাটৰ পৰা অহা এটা বিশেষ দলেও তদন্ত আৰম্ভ কৰিছে। ঘৰৰ মহিলাগৰাকীয়ে জনোৱা মতে, তেওঁলোকৰ ঘৰৰ পৰা কাঁহৰ থাল, বাতি আৰু সোণৰ অলংকাৰ আদি চুৰি কৰি লৈ গৈছে। ইয়াৰ উপৰি সোণৰ চেইন, আঙুঠি, নাকফুলি আদি বস্তুও চোৰে লুটি নিয়ে। মহিলাগৰাকীয়ে এইটোও উল্লেখ কৰে যে গোলাঘাট আৰক্ষীয়ে অতি মনোযোগেৰে এই সমগ্ৰ ঘটনাটোৰ তদন্ত কৰি আছে।আনহাতে, স্থানীয় লোকৰ মতে তেওঁলোকে বিশ্বনাথ চাৰিআলিত থকা সময়তো অনুৰূপ ধৰণৰ চুৰি কাণ্ড সংঘটিত হৈছিল। দিনৰ পোহৰতে এনেধৰণৰ চুৰি কাণ্ড সংঘটিত হোৱা ঘটনাই সকলোকে দুটানত পেলাইছে।আৰু তেওঁলোকে আৰক্ষীক অনুৰোধ জনাইছে যাতে সেই চোৰবোৰক সোনকালে নিজৰ জিম্মাত লোৱা হয়।”

Related articles