
তাৰিখ:১৭/০১/২০২৬
ঠিকনা: বুঢ়ীগাং (বিশ্বনাথ চাৰিআলি, অসম)
বিশ্বনাথ চাৰিআলিৰ বুঢ়ীগাংত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। অতি তীব্ৰ বেগত অহা এখন বাইকে আন এখন বাইকক খুন্দা মাৰে। আহত হোৱা বাইকখন অতি লাহেকৈ গৈ আছিল আৰু সেই সময়তে তীব্ৰ গতিৰে অহা বাইকখনে খুন্দা মাৰে। জানিব পৰা মতে, তীব্ৰবেগী বাইকখনত তিনিজন লোক আছিল। ট্ৰেফিক আইন উলংঘা কৰি যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
এই দুৰ্ঘটনাৰ ফলত বাইক আৰোহীজন গুৰুতৰভাৱে আহত হৈছে। স্থানীয় ৰাইজে আহতসকলক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। আহত ব্যক্তিজনৰ পৰিয়ালে জনোৱা মতে, তেওঁলোক তিনিজন আছিল আৰু তীব্ৰ গতিত অহা বাইকখনে তেওঁলোকক খুন্দা মাৰে। পিছফালে বহি থকা লোকসকলৰ বিশেষ আঘাত পোৱা নাই যদিও বাইক চলাই থকা ব্যক্তিজন গুৰুতৰভাৱে আহত হৈছে। তেওঁৰ নাম সানোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে। তেওঁলোক বাঘমাৰীৰ দিশে গৈ আছিল। পৰিয়ালৰ লোকে লগতে জনাইছে যে স্থানীয় ৰাইজে তেওঁলোকৰ বাইকখন তাতে ৰাখি তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায়। বৰ্তমানলৈকে আৰক্ষীক এই বিষয়ে খবৰ দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে।
