Sunday, February 22, 2026

ডলগাঁৱত নিশাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: 19/01/2026
ঠিকনা: ডলগাঁও(অসম)
ডলগাঁৱত নিশাৰ ভাগত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত প্ৰায় চাৰিজন লোক আহত হয়। এখন বলেৰ’ পিকআপ বাহনে এখন চুইফ্ট বাহনক খুন্দা মাৰে। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডলগাঁও আৰক্ষীৰ দল উপস্থিত হৈ আহতসকলক হাস্পতালত ভৰ্তি কৰায়। জানিব পৰা মতে ঘটনাৰ কিছু সময় পিছতেই পথটো বন্ধ কৰি দিয়া হয়। নিশা ডলগাঁও-বৰীগঞ্জ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। স্থানীয় ৰাইজৰ মতে, চুইফ্ট বাহনখন নিজৰ দিশতে আছিল কিন্তু বলেৰ’ বাহনখনে গুৱাহাটীৰ দিশৰ পৰা তীব্ৰ বেগত আহি সমুখৰ ফালৰ পৰা খুন্দা মাৰে। আহত চাৰিজনৰ ভিতৰত দুজনৰ অৱস্থা অতি সংকটজনক। ততাতৈয়াকৈ ১০৮ এম্বুলেন্স মাতি তেওঁলোকক হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

Related articles