
তাৰিখ: ১৯/০১/২০২৬
ঠিকনা: গোলাঘাট (অসম)
গোলাঘাটৰ ৰঙাজানত এটা নৱজাত শিশুক পেলাই থৈ যোৱা এক মৰ্মান্তিক তথা মানৱতাৰ লজ্জাজনক ঘটনা সংঘটিত হৈছে। ৪ নম্বৰ ক্ৰয়িং ডি নেভেলৰ (Crying De Naval) কাষত পেলাই থৈ যোৱা এটা নৱজাত শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এটা মোনাত ভৰাই শিশুটোক ৰাস্তাৰ কাষত পেলাই থৈ যোৱা হৈছিল।
স্থানীয় ৰাইজে এই সন্দৰ্ভত গোলাঘাট আৰক্ষীক খবৰ দি মাতি পঠিয়ায়। জানিব পৰা মতে, এগৰাকী মহিলাই ককায়েকৰ ঘৰৰ পৰা আহি থকা অৱস্থাত নিজৰ মোবাইলৰ টৰ্চটো জ্বলাই মোনাটোক ওলোটা কৰি চাওঁতেই মৃত শিশুটো তলত পৰি যায়। তেওঁ লগতে কয় যে যিয়ে এই জঘন্য কাম কৰিছে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। স্থানীয় ৰাইজৰ মতে, যদি আৰক্ষীয়ে দোষীক বিচাৰি উলিয়াব নোৱাৰে, তেন্তে সমাজে নিজেই দোষীক বিচাৰি উলিয়াব আৰু গাঁৱৰ পৰা বহিষ্কাৰ কৰিব।
শিশুটোক এটা মোনাত ভৰাই পেলাই থৈ যোৱা হৈছিল আৰু ৰাইজৰ সন্দেহ অনুসৰি শিশুটোৱে গোলাঘাটৰ ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত জন্ম গ্ৰহণ কৰিছিল।
