Sunday, February 22, 2026

কলিয়াবৰত হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে।

Published:

তাৰিখ:২০/০১/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰত হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত আছে। পুৱা প্ৰায় ৩.৩০ বজাত নাম-কামাখ্যা গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায়ছে। বনৰীয়া হাতীৰ জাকে নয়ন জ্যোতি শৰ্মাৰ ঘৰৰ বিস্তৰ ক্ষতিসাধন কৰে। নয়ন জ্যোতি শৰ্মাৰ ভাষ্য অনুসৰি, বনৰীয়া হাতীয়ে তেওঁৰ ঘৰৰ গেট ভাঙি নামঘৰটো লণ্ডভণ্ড কৰাৰ লগতে তেওঁৰ দোকান আৰু ঘৰৰ খিৰিকীবোৰো ভাঙি পেলায়। তেওঁলোকে হাতীজাক খেদি পঠিয়াবলৈ সক্ষম নহ’ল। এই ঘটনাৰ কিছু সময় পিছত বনকৰ্মীসকল উপস্থিত হয়। তেওঁলোকে বনবিভাগক হাতী ধৰাৰ বিহিত ব্যৱস্থা ল’বলৈ আৰু অতি সোনকালে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে, যাতে ভৱিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয়।

Related articles