
তাৰিখ:২৬/০১/২০২৬
ঠিকনাঃ ৰূপহীহাট (অসম)
ৰূপহীহাটৰ ‘অনাৰ চিগনেচাৰ ধাবা’ত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এই জুইৰ ফলত সমগ্ৰ ধাবাটো সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। যদিও অঞ্চলটোত এই ধাবাটোক লৈ যোৱা কেইদিনমানৰ পৰা এক বিবাদ চলি আছিল। সন্দেহ কৰা হৈছে যে এইয়া কোনো দুৰ্বৃত্তৰ পৰিকল্পিত কাৰ্য হ’ব পাৰে।অগ্নি নিৰ্বাপক বাহিনী আৰু এছডিআৰএফ (SDRF) দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছিল যদিও ধাবাটো ৰক্ষা কৰিব পৰা নগ’ল। ফলত বহু লাখ টকাৰ সম্পত্তি নষ্ট হয়। ধাবাৰ স্বত্বাধিকাৰী চিগনেচাৰ খুদবুলা নামৰ যুৱকজনৰ মতে, সন্ধিয়া প্ৰায় ৭:৩০ বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল। তেওঁ ধাবাটো বন্ধ কৰি যোৱাৰ কিছু সময়ৰ পিছতেই জুই লাগে। তেওঁ লগতে উল্লেখ কৰে যে কেইদিনমান পূৰ্বে কিছুমান যুৱকে ধাবাটো ভাঙি দিছিল আৰু এইবাৰ জ্বলাই দিলে।
