
তাৰিখ: ২৮/০১/২০২৬
ঠিকনা: গুৱাহাটী(অসম)
গুৱাহাটীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰায় ৪০ গৰাকী যাত্ৰী কঢ়িয়াই নিয়া বাহনখন গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে গৈ থকা অৱস্থাত চলন্ত অৱস্থাতে বাহনখনৰ এটা চকা খোল খাই যায়। কিন্তু চালকজনে ধৈৰ্য্য হেৰুৱাই নেপেলাই অতি কৌশলেৰে নিয়ন্ত্ৰণ ৰক্ষা কৰাৰ ফলত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা যাত্ৰীসকল কথমপি ৰক্ষা পৰে।
জানিব পৰা মতে, বাছখনৰ সন্মুখৰ ফালৰ চকা খোল খাই যোৱাৰ ফলতেই এই ঘটনাটো সংঘটিত হৈছিল। কলিয়াবৰৰ চিকিৎসালয়ৰ সমীপৰ ঘাইপথত এই ঘটনাটো ঘটে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ আছিল AS 25EC 3409। স্থানীয় ৰাইজৰ মতে, চালকজনৰ বুদ্ধিমত্তাৰ বাবে সকলো যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰে।
