Sunday, February 22, 2026

কলিয়াবৰৰ হাটবৰত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:২৯/০১/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)

কলিয়াবৰৰ হাটবৰত নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন যাত্ৰীবাহী বাছ আৰু ৰয়েল এনফিল্ড বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো ঘটে। বাইক আৰোহীজনৰ অৱস্থা অতি সংকটজনক আছিল। স্থানীয় ৰাইজে বাইক আৰোহীজনক জখলাবন্ধা (মুকলমুৱা) চিকিৎসালয়ত ভৰ্তি কৰায়। বাছখনৰ নম্বৰ AS12CC4497। কলিয়াবৰ আৰক্ষীয়ে বাছ চালকজনক ইতিমধ্যে জিম্মাত লৈছে। বাইকখনৰ নম্বৰ আছিল AS 01 GF9811। ৰাইজৰ ভাষ্য অনুসৰি, তিনিচুকীয়াৰ পৰা তেজপুৰ অভিমুখে গৈ থকা বাছখনে বাইকখনক হঠাতে খুন্দা মাৰে।

Related articles