
তাৰিখ: ০২/০২/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাটো বিশ্বনাথৰ ট্ৰাফিক পইণ্টত সংঘটিত হয়। পাৱৈৰ পৰা বিশ্বনাথ অভিমুখে গৈ থকা অৱস্থাত বাহনখন দুৰ্ঘটনাত পতিত হয়। এখন বলেৰ’ বাহনে দুখনকৈ বাহনক খুন্দা মাৰে। ঘটনাৰ সময়ত বলেৰ’ বাহনখনে প্ৰথমে এখন বলেন’ গাড়ীক খুন্দা মাৰে আৰু তাৰ পিছত বলেন’ গাড়ীখনে এখন ই-ৰিক্সাক খুন্দা মাৰে। ফলত তিনিওখন বাহনৰে যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনৰ নম্বৰ আছিল বলেৰ’ AR -01E-3597 আৰু বলেন’ AS 32D 4939। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
