
তাৰিখ: ০২/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ আউনীআটীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাটো এটা মালবাহী ট্ৰাক আৰু একে দিশৰ পৰা আহি থকা এখন ইয়ন (Eon) বাহনৰ মাজত সংঘটিত হয়। মালবাহী ট্ৰাকখনে পথৰ একাষৰ পৰা আনটো কাষলৈ যাবলৈ চেষ্টা কৰোঁতেই ইয়ন বাহনখনে ট্ৰাকখনৰ তলত সোমাই পৰে। এই ঘটনাত এটি শিশুসহ দুজন লোক আহত হয়। দুৰ্ঘটনাত পতিত হোৱা বাহন দুখনৰ নম্বৰ আছিল ক্ৰমে— মালবাহী ট্ৰাক AS 01GC 0102 আৰু ইয়ন বাহন AS 02J 0779। আহত লোকসকলৰ ভাষ্য অনুসৰি, তেওঁলোক নগাঁৱৰ দিশে গৈ আছিল আৰু তেওঁলোকৰ বাহনখন বেছি দ্ৰুতবেগত নাছিল। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।
