Saturday, February 21, 2026

নগাঁৱত গৰু চোৰৰ সন্ত্ৰাসৰ বাবে কৃষক সমাজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

Published:

তাৰিখ: ০২/০২/২০২৬
ঠিকনা: নগাঁও(অসম)

নগাঁৱত গৰু চোৰৰ সন্ত্ৰাসৰ বাবে কৃষক সমাজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা কেইদিনমানত নগাঁৱৰ গোমোঠা গাঁৱৰ পৰা ৫০ টাতকৈও অধিক গৰু চুৰি হৈছে। আনকি চোৰে মানুহৰ ঘৰৰ ভিতৰৰ পৰাও গৰু লৈ গৈছে। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, যোৱা কিছু দিনৰ পৰা ধাৰাবাহিকভাৱে গৰু চুৰিৰ ঘটনা সংঘটিত হৈ আছে। চোৰৰ দলটোৱে ঘৰৰ গেটৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি এই কাণ্ড চলাইছে। ইমানৰ পিছতো আৰক্ষীয়ে এই চোৰৰ দলটোক কৰায়ত্ত কৰাত ব্যৰ্থ হৈছে।

Related articles