
তাৰিখ:০৫/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ বেবেজীয়াৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ সমীপতে এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। মন্দিৰ দৰ্শন কৰিবলৈ অহা এগৰাকী ভক্তৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায় দুৰ্বৃত্তই। বাইকত অহা দুজনীয়া এটা দলে এই চুৰিকাণ্ড সংঘটিত কৰে। মহা মৃত্যুঞ্জয় মন্দিৰৰ ওচৰৰ তৃষ্ণা হোটেলৰ সন্মুখতে এই ঘটনাটো ঘটে। সেই সময়তে পুৰণিগুদাম আৰক্ষীও ঘটনাস্থলীত উপস্থিত হয়। যি গৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া হৈছিল, তেওঁৰ নাম “লীলাৱতী দাস” বুলি জানিব পৰা গৈছে। উক্ত বৃদ্ধা গৰাকী মন্দিৰ দৰ্শনৰ বাবে আহিছিল। তেওঁলোকে হোটেলত সোমাই কিবা খোৱা-বোৱা কৰি বাছত উঠিবলৈ ধৰোঁতেই তীব্ৰবেগী বাইকত অহা দুজন লোকে তেওঁৰ ডিঙিৰ পৰা চেইনডাল থপিয়াই লৈ যায়।
