
তাৰিখ: ০৬/০২/২০২৬
ঠিকনা: বিশ্বনাথ (অসম)
বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কৰ্পিঅ’ বাহনখনৰ টায়াৰ পাংচাৰ হোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাটো বিশ্বনাথৰ মুখৰগড় পথত সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ আছিল AS 01EL 1608। লগতে এই কথাও স্পষ্টৰূপে পোহৰলৈ আহিছে যে বাহনখন বিশ্বনাথৰ ফালৰ পৰা ইটানগৰ অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো ঘটে। সেই সময়তে আৰক্ষী উপস্থিত হৈ আহত হোৱা চালকজনৰ লগতে আন দুই যাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।
