Saturday, February 21, 2026

চিপাঝাৰৰ ধুমুনিচকীত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ০৮/০২/২০২৬
ঠিকনা: চিপাঝাৰ (অসম)

চিপাঝাৰৰ ধুমুনিচকীত এক পথ দুৰ্ঘটনা সংঘটিত হয়। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি দেখা গৈছে। এই ঘটনাত দুজন লোক গুৰুত্বভাৱে আহত হয়। আহত দুজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।এই দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ আছিল AS23EC3764 আৰু অল্ট’ বাহনখনৰ নম্বৰ আছিল AS01SC0109। চিলিণ্ডাৰ ভৰ্তি ট্ৰাক আৰু অল্ট’ বাহনৰ মাজত এই দুৰ্ঘটনাটো সংঘটিত হয়। লগতে স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, তেওঁলোকে ১০৮ (১০৮ মৃত্যুঞ্জয় সেৱা) লৈ ফোন কৰিছিল যদিও পলম হোৱাৰ বাবে ব্যক্তিগত বাহনেৰে আহতসকলক লৈ যোৱা হয়।

Related articles