
তাৰিখ: ১৪/০২/২০২৫
ঠিকনা: মুকালমুৱা (অসম)
মুকালমুৱাত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱাত উদ্ধাৰ হৈছে এই ড্ৰাগছখিনি। এক গোপন অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয়। মুকালমুৱাৰ আটাইতকৈ ডাঙৰ ড্ৰাগছ যোগানকাৰী নুৰ হুছেইন চৌধুৰী নামৰ ব্যক্তিজনৰ পৰা ১০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু ২০৬০ টকা জব্দ কৰা হৈছে। মুকালমুৱা আৰক্ষীয়ে ড্ৰাগছ তথা নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লৈছে।
