
তাৰিখ: ১৫/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত চুৰিকাণ্ড। মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তৰ বেগৰ পৰা ধন চুৰি। কিৰণ কোঁৱৰ নামৰ এগৰাকী মহিলাৰ বেগৰ পৰা প্ৰায় ৪০০০ টকা চুৰি হয়। মন্দিৰত পূজা-অৰ্চনা কৰি থকাৰ সুযোগতে তেওঁৰ বেগৰ পৰা পাৰ্চটো চুৰি কৰি লৈ যায়। ভক্তৰ প্ৰবল ভিৰ হোৱাৰ বাবে মহিলাগৰাকীয়ে চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।
