Saturday, February 21, 2026

লাহৰীঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দালং ভাগি পৰাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

Published:

তাৰিখ:১৮/০২/২০২৬
ঠিকনা: লাহৰীঘাট (অসম)
লাহৰীঘাটত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দালং ভাগি পৰাৰ ফলতেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত মুঠ চাৰিজন লোক গুৰুত্বভাৱে আহত হৈছে। জানিব পৰা মতে, লাহৰীঘাট লালীবিলৰ ওপৰৰ লোকসকল আহত হৈছে। এই দুৰ্ঘটনাটো লাহৰীঘাট-মৰিগাঁও কুঁুজযুগী গোৰখপটনী পথৰ লালীবিলৰ পুনৰ নিৰ্মীয়মাণ দালঙত সংঘটিত হয়।আহতসকলক প্ৰথমে লাহৰীঘাটৰ মহাত্মা গান্ধী মডেল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ পৰামৰ্শমতে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সূত্ৰ অনুসৰি, আহত ব্যক্তি কেইজনৰ নাম হ’ল— গুলজাৰ হুছেইন, মুস্তাফা আহমেদ, ইনামুল হক আৰু ফাৰুল আহমেদ।স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ঠিকাাদাৰ মহম্মদ আলীৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । নিৰ্মাণ কাৰ্যত নিয়োজিত কৰ্মচাৰীসকলে দালংখন সঠিকভাৱে নিৰ্মাণ নকৰাৰ ফলতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

Related articles