
তাৰিখ:২০/০২/২০২৬
ঠিকনা: বঙাইগাঁও (অসম)
বঙাইগাঁৱত পুনৰ গৰু চুৰিৰ ঘটনা। বঙাইগাঁৱৰ উত্তৰ শালমাৰা আৰক্ষী থানাৰ সন্মুখত ৰাইজে গৰু ভৰ্তি এখন ট্ৰাক কৰায়ত্ত কৰে। প্লাইউডৰ জুপুৰী সাজি অতি কৌশলেৰে ট্ৰাকখনত ১৬ জনী গৰু সৰবৰাহ কৰিছিল। AS25FC4396 নম্বৰৰ ট্ৰাকখনৰ খুন্দাৰ পৰা স্থানীয় লোকসকল কথমপি ৰক্ষা পৰে। নিশা প্ৰায় ১১ বজাত বাহনখন জব্দ কৰা হয়। প্লাইউডেৰে সম্পূৰ্ণৰূপে ঢাকি তাৰ মাজত প্ৰায় ১৬ জনী গৰু ৰখা হৈছিল। অভয়াপুৰী আৰক্ষী থানাত এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হয় সেই গৰু চুৰিক।
