
তাৰিখ:২১/০২/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁৱৰ বৰঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ কাষত বাগৰি পৰিল যাত্ৰীবাহী বাহন। জানিব পৰা মতে চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত বাহনখন বাগৰি পৰে। এই ঘটনাত প্ৰায় ১১ জন লোক আহত হয়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ নম্বৰ আছিল AS01SC4640। দেখা গৈছে যে যাত্ৰীবাহী বাহনখনে গুৱাহাটীৰ পৰা মাজুলী অভিমুখে গৈ থকা অৱস্থাত নগাঁও বৰঘাটৰ বাইপাছৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। থিতাতে আৰক্ষী উপস্থিত হৈ আহতসকলক হাস্পতালত ভৰ্তি কৰায়।
