Sunday, February 22, 2026

মংগলদৈৰ তেলীপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:২১/০২/২০২৬
ঠিকনা: মংগলদৈ (অসম)
মংগলদৈৰ তেলীপাৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী AS18H3982 নম্বৰৰ বাইকখনে এজন চাইকেল আৰোহী কিশোৰক খুন্দা মাৰে। বাইক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেলখনত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো ঘটে। স্থানীয় ৰাইজৰ মতে, বাইক চালকজনে বিশৃংখলভাৱে বাইক চলাই আহিছিল। সংঘৰ্ষটো ইমান জোৰদাৰ আছিল যে চাইকেল আৰোহী কিশোৰজন গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকৰ সহায়ত তেওঁক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয়। দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত বহু লোকৰ সমাগম ঘটে। স্থানীয় ৰাইজে প্ৰায়ে এই অঞ্চলটোত তীব্ৰবেগী বাহনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে।

Related articles