
তাৰিক:০৭/০১/২০২৬
ঠিকনা: অন্ধ্ৰ প্ৰদেশ
অন্ধ্ৰ প্ৰদেশৰ কোভভুৰ উৰণীয়া সেতুৰ এখন চলন্ত বাছত হঠাৎ জুই লাগিল; যাৰ বাবে বাছখন সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়, অৱশ্যে কোনো লোকৰ ক্ষতি হোৱা নাছিল। আৰু কনিষ্টবলৰ মতে বাছখন খাম্মামৰ পৰা বিশাখাপট্টনমলৈ গৈ থকা অৱস্থাত ফ্লাই অভাৰৰ সমীপত বাছখনৰ মটৰত শ্বৰ্ট চাৰ্কিট হৈ জুই জ্বলি উঠে। ইয়াৰ পিছত চালকজনে লগে লগে বাছখন ৰখাই দিলে আৰু বাছখনত যাত্ৰা কৰা ৬ জন যাত্ৰী আৰু ৪ জন কৰ্মচাৰী নিৰাপদে ওলাই আহিল। এই তথ্য পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰাত সফল হয়।
