
তাৰিখ:২০/১২/২০২৫
ঠিকনা: কামৰূপ(অসম)
অসমৰ ট্ৰেইন দুৰ্ঘটনাত আহত হাতীৰ পোৱালিৰো মৃত্যু হৈছে। অসমৰ নগাঁও কামৰূপত হাতীৰ এটা জাকৰ ট্ৰেইনৰ সংঘৰ্ষৰ পিছত মৃত্যু হোৱা হাতীৰ সংখ্যা আঠটা হৈছে গৈ। এই দুৰ্ঘটনাত আহত এটা হাতীৰ পোৱালিয়ে চিকিৎসাৰ সময়ত প্ৰান হেৰুৱাইছে। এই ভয়াৱহ দুৰ্ঘটনা শনিবাৰে পুৱা শৰাইঘাট নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ সৈতে হৈছিল। যেতিয়া ট্ৰেইনখন চংজুৰাই গাঁৱৰ ওচৰত হাতীৰ সৈতে খুন্দা মাৰিছিল। দুৰ্ঘটনাত ট্ৰেইনখনৰ পাচটা ডবা আৰু ইঞ্জিন ৰেলপথৰ পৰা নামি গৈছিল। ঘটনাৰ পিছত ৰেলৱে কতৃপক্ষই ১২ ঘন্টাৰ বাবে গতি নিয়ন্ত্ৰণৰ নিৰ্দেশ জাৰি কৰিছিল। আনহাতে, কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰি অসম চৰকাৰৰ পৰা এক বিতং প্ৰতিবেদন বিচাৰিছে। ভূপেন্দ্ৰ যাদৱে কয় যে সকলো ৰাজ্যৰ ৰেলপথৰ ওচৰত হাতীৰ চলাচলৰ ওপৰত নিৰীক্ষণ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
