Saturday, February 21, 2026

উৰিষ্যা সংঘটিত দুজন ব্যক্তিৰ হত্যাকাণ্ড।

Published:

তাৰিখ: ১৭/০২/২০২৬
ঠিকনা: উৰিষ্যা (অসম)

উৰিষ্যা সংঘটিত দুজন ব্যক্তিৰ হত্যাকাণ্ড। ইমৰাণ হুছেইনৰ হত্যাকাণ্ডৰ তদন্ত সফল হ’ল। এই ঘটনাৰ লগত জড়িত দুজন হত্যাকাৰীক উৰিষ্যা পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ১৫ দিনৰ পাছত এই ৰহস্য ফাদিল হয়। ঘটনাৰ ১৫ দিনৰ পাছত ৰঙিয়া আৰক্ষীয়ে উৰিষ্যা যজপুৰৰ পৰা প্রশান্ত ৰাৱাট আৰু অভিমন্যু পটৰোক নামৰ হত্যাকাৰী দুজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ ভাষ্য অনুসৰি, হত্যাকাৰীক মাৰাথন সোধপোছ কৰাৰ পিছতহে এই হত্যাকাণ্ডৰ ৰহস্যৰ অন্ত পৰে। ১৯ জানুৱাৰীৰ নিশা ৯ বজাত নিজৰ বাইকেৰে গৈ থকা অৱস্থাত তেওঁ এই হত্যাকাণ্ডৰ বলি হৈছিল। এই সমগ্ৰ ঘটনা চিচিটিভি (CCTV) কেমেৰাত আৱদ্ধ হৈছিল। জানুৱাৰীৰ শুকুৰবাৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হৈছিল। ইমৰাণ হুছেইন নামৰ ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে তেওঁৰ গ্লেমাৰ বাইকখন (নম্বৰ AS 01EE 6873) ২ ফেব্ৰুৱাৰী দিনা নিউ বঙাইগাঁৱৰ ওচৰৰ পথৰ পৰা ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰে। ইমৰাণ হুছেইনৰ হত্যাকাণ্ডৰ দুই হত্যাকাৰীক সম্পূৰ্ণ তদন্তৰ অন্তত উৰিষ্যা পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

Related articles