Saturday, February 21, 2026

কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে,এই ঘটনাত থিতাতে এজন ব্যক্তিৰ মৃত্যু হয়।

Published:

তাৰিখ: ১৩/০২/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)
কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই ঘটনাত থিতাতে এজন ব্যক্তিৰ মৃত্যু হয়। এই ঘটনাটো কলিয়াবৰৰ নাতালি গাঁৱত সংঘটিত হৈছে। নাতালি বজাৰৰ এখন দোকানত চাহ খাই ত তিনিআলিৰ দিশলৈ গৈ থকা অৱস্থাত তেওঁক পিছফালৰ পৰা খুন্দা মাৰে। আহত হোৱা লোকজন ৰূপহীহাটৰ পশ্চিম দিশৰ নিবাসী ৰহিম আলী বুলি চিনাক্ত কৰা হৈছে। ৰহিম আলীয়ে নিজৰ দৈনন্দিন কাম শেষ কৰি ঘৰমুৱা হোৱাৰ সময়তে এই ঘটনাটো ঘটে। তেওঁ নিজৰ বাইকৰ পিছফালে ভঙা টিন আদি সামগ্ৰী ঘৰে ঘৰে গৈ ক্ৰয় কৰাৰ ব্যৱসায় কৰিছিল। সূত্ৰৰ অনুসৰি, ৰহিম আলীক খুন্দা মৰাৰ পিছতে বাহনৰ চালকজন পলাই যায়। ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 01T 0182 আৰু বাইকখনৰ নম্বৰ AS 12AH 5189। ইফালে, শিলাঘাট (চিলাবন্ধা) আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related articles