
তাৰিখ:২১/০১/২০২৬
ঠিকনা: কলিয়াবৰ(অসম)
কলিয়াবৰৰ কুলীডঙাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই ঘটনাত এটা টমটম আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই ঘটনাত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। সূত্ৰৰ মতে, টমটমখনে বাইক আৰোহীজনক খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। আহত ব্যক্তিজন কুলীডঙা গাঁৱৰ বিপিন কুমাৰ নাথ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা টমটমখনৰ নম্বৰ AS 02E C1526 আৰু বাইকখনৰ নম্বৰ AS 02AP 7072 আছিল। ইফালে, উলুৱনী (চুলুঙা) আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহতজনক জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰায়।
