Saturday, February 21, 2026

কলিয়াবৰৰ ভূৰবন্ধত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ১৭/০১/২০২৬
ঠিকনা: কলিয়াবৰ (অসম)

কলিয়াবৰৰ ভূৰবন্ধত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে এজন চাইকেল আৰোহীক খুন্দা মৰাৰ ফলত থিতাতে তেওঁৰ মৃত্যু হয়। এই ঘটনাটো পুৱা প্ৰায় ১০:৩০ বজাত কলিয়াবৰৰ চুলুং-লৌখোৱা সংযোগী পথৰ চৰাইবাহী পাৰ হোৱাৰ পিছতে সংঘটিত হয়। জানিব পৰা মতে, অজয় ব্ৰাহ্মণ নামৰ ব্যক্তিজনে চুলুঙৰ পৰা ঘৰলৈ উভতি আহি থকা অৱস্থাত AS 02 0491 নম্বৰৰ এখন তীব্ৰবেগী বাহনে তেওঁক মহতিয়াই নিয়ে।স্থানীয় ৰাইজৰ মতে,বৰগুলী-লৌখোৱা পথত কোনো স্পীড ব্ৰেকাৰ (গতি ৰোধক) নথকাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হৈছে। ইয়াৰ প্ৰতিবাদত উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি তীব্ৰ আন্দোলন আৰম্ভ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই পথছোৱাত এতিয়ালৈকে প্ৰায় ৮ টা দুৰ্ঘটনা সংঘটিত হৈছে আৰু প্ৰায় ৭ জন লোকৰ মৃত্যু হৈছে। চৰকাৰক বাৰে বাৰে আবেদন কৰাৰ পাছতো পথটোত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ৰাইজৰ দাবী যে যদি এক ঘণ্টাৰ ভিতৰত পথটোত স্পীড ব্ৰেকাৰ লগোৱাৰ ব্যৱস্থা কৰা নহয়, তেন্তে তেওঁলোকৰ এই আন্দোলন অব্যাহত থাকিব।

Related articles