Sunday, February 22, 2026

গণতন্ত্ৰ দিৱসত মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ:২৬/০১/২০২৬
ঠিকনা: মৈৰাবাৰী (অসম)
গণতন্ত্ৰ দিৱসত মৈৰাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গণতন্ত্ৰ দিৱসৰ দিনা হৈ এই ঘটনা। গৰখপনী পথৰ মৈৰাবাৰীৰ গিৰ্ধপ্ৰধান গাঁৱত এই পথ দুৰ্ঘটনাটো ঘটে। এখন বাইকে এজন বৃদ্ধক খুন্দা মাৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, বাইকৰ খুন্দাত দুয়োজনেই গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত KTM বাইকখনৰ নম্বৰ আছিল AS 02AW 3736। ঘটনাটোত বাইক চালকজনো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় বুলি দেখা গৈছে। আনহাতেআহত হোৱা বৃদ্ধজনৰ নাম ৬০ বছৰীয়া আব্দুল সুভান বুলি জানিব পৰা গৈছে।
ৰাইজৰ মতে, তেওঁক মৈৰাবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ (Refer) কৰা হয়। ইফালে মৈৰাবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইকখন নিজৰ জিম্মাত লয়। লগতে নতুন প্ৰজন্মৰ যুৱকসকলক তীব্ৰবেগী বাহন চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈও দাবী উত্থাপন হৈছে। বৰ্তমান বৃদ্ধজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

Related articles