Wednesday, December 24, 2025

গুৱাহাটীৰ বিৰুবাৰিত এজন যুৱক ড্ৰাগছৰ সৈতে ধৰা পৰে।

Published:

তাৰিখ:-০৫/১২/২০২৫
ঠিকনা:- বিৰুবাৰি
গুৱাহাটীৰ বিৰুবাৰিত এজন যুৱকক ড্ৰাগছৰ সৈতে ধৰা পৰে। শুক্ৰবাৰে ৰাতি ৰাম কৃষ্ণ মিছন পথত যুৱক জনক ধৰা হৈছিল।তাত বাস কৰা স্থানীয় ৰাইজে যুৱক জনক ধৰি আৰক্ষীক চামজাই দিয়ে। অপৰাধীজনক সোদা- পোছা ৰ পিছত এই কথা পোহৰলৈ আহে যে ড্ৰাগছ সৰবৰাহকাৰিজনে বহুত সাৱধানে কলত মিলাই ড্ৰাগছখিনি দিছিল। এই ড্ৰাগছ সৰবৰাহকাৰি জনৰ পৰা লোৱা যুৱকজনে কয় যে চাহপি ৰাস্তাতে ড্ৰাগছ লৈছিল। ড্ৰাগছ সৰবৰাহকাৰী জনৰ পৰা ড্ৰাগছ লোৱা যুৱক জনৰ নাম ৰিহান ৰেহমান। একে সময়তে যুৱক জনে আৰক্ষীক কয় যে আপোনালোকে মোক ড্ৰাগছ সৰবৰাহকাৰি বুলি ভাবিছে, কিন্তু মই কেৱল ড্ৰাগছ সেৱন কৰোঁ। লগতে ড্ৰাগছ ক’ৰ পৰা লৈছিল, সেয়ে আৰক্ষীয়ে এতিয়ালৈকে জানিব পৰা নাই।

Related articles