Friday, January 16, 2026

গোলাঘাটৰ জামুগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

Published:

তাৰিখ: ১২/০১/২০২৬
স্থান: গোলাঘাট (অসম)
গোলাঘাটৰ জামুগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত অৰ্ণৱ ভূঞা নামৰ এজন ৮ বছৰীয়া শিশুৰ মৃত্যু হয়। জানিব পৰা মতে, অৰ্ণৱ ভূঞা জামুগুৰি জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ আছিল। আনহাতে, শিশুটিৰ খুৰাক কুশল দাস নামৰ ব্যক্তিজনৰ অৱস্থা সংকটজনক আছিল। কুশল দাসক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। স্থানীয় ৰাইজৰ মতে, কুশল দাসে তেওঁৰ ভতিজাকক স্কুলৰ পৰা লৈ আহি থকা অৱস্থাতে জামুগুৰি জুনাকী পুখুৰীৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়। ইফালে, দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন তাৰ পৰা পলায়ন কৰে। ঘটনাৰ খবৰ পাই জামুগুৰিৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। সোধা-পোছাৰ অন্তত ৰাইজে জনোৱা মতে, ডাম্পাৰখনে বাইকখনত খুন্দা মৰাৰ লগে লগে শিশুটি তলত পৰি যায় আৰু সেই সময়তে ডাম্পাৰখনে শিশুটিক মহতিয়াই থৈ যায়।

Related articles