Saturday, February 21, 2026

গোলাঘাট’ৰ টেটেলীটোলত এনচিবি (NCB)ৰ অভিযান। কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হল ।

Published:

তাৰিখ:২৮/০১/২০২৬
ঠিকনা: গোলাঘাট (অসম)

গোলাঘাট’ৰ টেটেলীটোলত এনচিবি (NCB)ৰ অভিযান। কোটি কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হল । মণিপুৰৰ পৰা সৰবৰাহ কৰি অনা অৱস্থাত এগৰাকী ৮০ বছৰীয়া বৃদ্ধৰ হাতত পোৱা গল এই ড্ৰাগছখিনি। এখন বাহনৰ ভিতৰত মণিপুৰৰ পৰা অনা এই নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰা হয়। লোকজনৰ নাম নৰেন দত্ত বুলি জানিব পৰা গৈছে। লগতে মণিপুৰৰ আৰক্ষীৰ সহযোগত এই ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে । স্থানীয় ৰাইজৰ কোৱা মতে, “এইটো অতি লজ্জাজনক ঘটনা। যদি এজন বৃদ্ধ লোকেই এনেকুৱা কাম কৰে, তেন্তে নতুন প্ৰজন্ম আৰু যুৱক-যুৱতীসকলৰ কি হ’ব?” ইয়াৰ লগতে ৰাইজে আৰক্ষীক অনুৰোধ জনাইছে যাতে সেই ব্যক্তিজনৰ বিৰুদ্ধে যাতে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হয়।

Related articles