
তাৰিখ: ০৩/০২/২০২৬
স্থান: গোলাঘাট (অসম)
গোলাঘাটৰ ৫ নম্বৰ তুৰঞ্জত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মিনু কৰ্মকাৰ নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত এই জুই লাগে। অগ্নিকাণ্ডৰ ফলত ঘৰৰ সকলো সামগ্ৰী তথা আচবাব জ্বলি ভস্মীভূত হয়। অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাৰ পূৰ্বেই সকলো সা-সম্পত্তি ছাঁয় হৈ পৰে। সূত্ৰৰ তথ্য অনুসৰি, নিশা প্ৰায় ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। স্থানীয় ৰাইজেও জুই নিৰ্বাপনৰ বাবে চেষ্টা চলাইছিল। সন্দেহ কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই জুইৰ সূত্ৰপাত ঘটিছে।
