
তাৰিখ:২৬/০২/২০২৬
ঠিকনা: চামগুৰি (অসম)
চামগুৰিৰ তেলীয়াগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে দুজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। এখন দ্ৰুতবেগী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত এই ঘটনা সংঘটিত হয়। গুৱাহাটীৰ দিশৰ পৰা চামগুৰি অভিমুখে আহি থকা এখন ডিজেয়াৰ (Treasure/Dzire) বাহন আৰু নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01 FS 5676 আছিল আৰু বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।দুৰ্ঘটনাত মৃত্যু হোৱা লোক দুজন মানস কলিতা আৰু দীপেন কলিতা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰত। ঘটনাৰ খবৰ পোৱাত আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰাৰ লগতে আহত আৰু মৃতদেহ কেইটা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
