
তাৰিখ:২১/০২/২০২৬
ঠিকনা: চামগুৰি (অসম)
চামগুৰিৰ সাংবাদিক নয়নমণি বৰাৰ আৱাসগৃহত দুষ্কৃতিকাৰীৰ উপদ্ৰৱ। গোহালি ঘৰত অগ্নিসংযোগ কৰাৰ লগতে চোতালত পেট্ৰ’ল ভৰ্তি বটল নিক্ষেপ কৰা হয়। এই ঘটনাৰ পাছতে সাংবাদিকগৰাকীৰ পৰিয়ালৰ মাজত হাহাকাৰ আৰু নিৰাপত্তাহীনতাই বিৰাজ কৰিছে। ঘটনাৰ খবৰ পাই লগে লগে আৰক্ষী উপস্থিত হয়। পৰিয়ালৰ লোকৰ মতে, নিশা ম’বাইল চলাই থকা অৱস্থাত হঠাত বাহিৰত পোহৰ দেখা পাই ওলাই আহি তেওঁলোকে চোতালত জুই জ্বলি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে জুই নিৰ্বাপন কৰে। আৰক্ষীয়ে উপস্থিত হৈ ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
