
তাৰিখ: ১৫/০১/২০২৬
ঠিকনা : জুৰীয়া ,নগাঁও (অসম)
জুৰীয়াত হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীৰে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। ন্যায়িক তদন্তৰ দাবীৰে দুই শতাধিক ৰাইজৰ এই প্ৰতিবাদ সাব্যস্ত। মৃত ব্যক্তিজনৰ পৰিয়ালৰ মতে মৃত ব্যক্তিজনক আলাউদ্দিন নামৰ ব্যক্তি এজনে ফোন কৰি ঘৰৰ পৰা মাতি নিয়ে । “জেয়াবোৰ” অৰ্থাৎ মৃত ব্যক্তি জন ওলাই যোৱা এঘন্টাৰ – ডেৰ ঘন্টা পাছত স্থানীয় লোকে চিঞৰ বাখৰ শুনিবলৈ পায় । আৰু স্থানীয় লোক সকলে ৰাজপথত ওলাই জেয়াবোৰ নামৰ ব্যক্তিজন সংকটজনক অৱস্থাত ৰাস্তাৰ দাঁতিত পৰি থকা দেখিবলৈ পায় । পৰিয়াল আৰু স্থানীয় ৰাইজে মিলি আঘাত প্ৰাপ্ত ব্যক্তিজনক নগাঁও হস্পিতাল নিয়ে যদিও নগাঁও হস্পিতালৰ পৰা ব্যক্তিজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় কিন্তু তেওঁক বচাবলৈ সমক্ষ নহয় । এই ঘটনাৰ বিষয়ে প্ৰশাসনক জনোৱা পাছতো আলাউদ্দিন নামৰ ব্যক্তিজনৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।
