
তাৰিখ:২১/০১/২০২৬
ঠিকনা: দালগাঁও(অসম)
দালগাঁও ৩ নম্বৰ চিকনমাটিত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি এই ঘটনা বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত ঘটিছে। পৰিয়ালৰ লোকৰ কোৱা মতে, এই অগ্নিকাণ্ডত প্ৰায় ১০ লাখ টকাৰ সম্পত্তি লোকচান হৈছে। মুস্তাফা হুছেইন নামৰ এজন ব্যক্তিৰ ঘৰত এই অগ্নিকাণ্ডটো সংঘটিত হয়। পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে আহি জুই নিৰ্বাপন কৰে। তেওঁলোকৰ ভাষ্য অনুসৰি, এই জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে লাগিছিল। তেওঁৰ গাঁৱৰ নাম গোলমস্তবা। প্ৰথমে ঘৰৰ ওচৰত থকা খেৰৰ দমত জুই লাগিছিল আৰু তাৰ পৰাই জুই বিয়পি পৰি সমগ্ৰ ঘৰটোত লাগে। এটা পকী ঘৰ হোৱাৰ বাবে বাচি যায়, কিন্তু আনটো মাটিৰ ঘৰ হোৱাৰ বাবে জুইত সম্পূৰ্ণৰূপে জাহ যায়।
