
তাৰিখ:৩১/০১/২০২৬
ঠিকনা: নগাঁও (অসম)
নগাঁও চহৰত ভয়ংকৰ অগ্নিকাণ্ড। চহৰৰ ৰত্নকান্ত বৰকাকতী খেলপথাৰত এখন টাটা মাজেলী গাড়ী জ্বলি ছাৰখাৰ হৈ যায়। খেৰ ভৰ্তি গাড়ীখনত এই জুই লাগিছিল। স্থানীয় ৰাইজৰ মতে, খেৰৰ পৰাই এই জুইৰ সূত্ৰপাত হৈছিল। সেই সময়তে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বাহনখনৰ নম্বৰ আছিল AS02C3288। লোকসকলে কাৰ্বি আংলঙৰ পৰা চতিয়া জুৰিয়া অভিমুখে গৈ আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
